আমগুৰিত ক’ভিড প্ৰট’কল উলংঘা বেংক গ্ৰাহকৰ
সমগ্ৰ দেশৰ লগতে অসমতো কৰ’ণা মহামাৰীৰ সংহাৰ অব্যাহত আছে ৷ চৰকাৰে কৰ’ণাৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে যদিও একাংশ লোকে ক’ভিড প্ৰট’কল উলংঘা কৰা পৰিলক্ষিত হৈছে ৷ আমগুৰিতো দেখা পোৱা গ’ল একাংশ লোকে ক’ভিড প্ৰট’কল উলংঘা কৰাৰ দৃশ্য ৷ আমগুৰিৰ অসম গ্ৰামীণ বিকাশ বেংকত দেখা পোৱা গ’ল একাংশ গ্ৰাহকে ক’ভিড বিধি উলংঘা কৰাৰ দৃশ্য ৷