অসম

assam

ETV Bharat / videos

নাহৰকটীয়াত চিকিৎসালয়ৰ পৰা পলায়ন ক’ভিড আক্ৰান্তৰ

By

Published : Apr 21, 2021, 9:52 PM IST

নাহৰকটীয়া সামূহিক চিকিৎসালয়ত শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱাৰ পিছতে চিকিৎসালয়ৰ পৰা পলায়ন কৰে এজন যুৱক ৷ মঙলবাৰে বিয়লি সংঘটিত এই কাণ্ডৰ পাছতে হাহাকাৰ লাগিছে চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে প্ৰশাসনৰ মাজত । স্বাস্থ্য পৰীক্ষা কৰিবলৈ নাহৰকটীয়া সামূহিক চিকিৎসালয়লৈ অহা টিংখাংৰ এজন যুৱকৰ শৰীৰত ধৰা পৰিছিল কৰ’ণাৰ অৱস্থিতি ৷ কিন্তু এই কথা জানিব পাৰি নিজৰ মোবাইলটো চুইচ অফ কৰি চিকিৎসালয়ৰ পৰা পলায়ন কৰে জ্যোতিষ বৰা নামৰ যুুৱকজনে ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া সমগ্ৰ নাহৰকটীয়াতে আতংকৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত চিকিৎসালয়ৰ কৰ্তৃপক্ষই জিলা প্রশাসনক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ উপৰিও জনসাধাৰণকো আতংকিত নহ’বলৈ আহ্বান জনাইছে ৷

ABOUT THE AUTHOR

...view details