অসম

assam

ETV Bharat / videos

পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত স্থগিত ৰাজ্যিক লোক আদালত - নীতি-নিৰ্দেশনা সকলোকে পালন কৰি চলিবলৈ আহ্বান

By

Published : May 5, 2021, 7:07 PM IST

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো দিনক দিনে কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পাইছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলাত অহা ৮ মে'ত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক লোক আদালত পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত স্থগিত ৰখা হৈছে । হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব চালেহ আহমদে মহামাৰী কৰ'ণাক প্ৰতিহত কৰিবলৈ সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে হাত দুখন ধুই পৰিস্কাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ কয় । এইসমূহ নিয়ম মানি চলিলেহে নিজৰ লগতে আনকো এই মহামাৰীৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰিব । তাৰোপৰি, ৰাাজ্য চৰকাৰে যিসমূহ নীতি-নিৰ্দেশনা বান্ধি দিছে সেইসমূহ নীতি-নিৰ্দেশনা সকলোকে পালন কৰি চলিবলৈ আহ্বান জনায় ।

For All Latest Updates

TAGGED:

hojai news

ABOUT THE AUTHOR

...view details