অসম

assam

ETV Bharat / videos

Corruption in mosque's toilet construction : কলগাছিয়াত মছজিদৰ শৌচাগাৰ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ - শৌচাগাৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ দাবী কলগাছিয়াৰ ৰাইজৰ

By

Published : Nov 28, 2021, 1:06 PM IST

মছজিদৰ শৌচাগাৰ নিৰ্মাণৰ বাবে আবণ্টিত ধনতো কোপদৃষ্টি একাংশ(Corruption in mosque's construction in Kalgachia)ৰ । বৰপেটা জিলাৰ কলগাছিয়াৰ মধ্য আমগুৰি মছজিদৰ শৌচাগাৰ নিৰ্মাণৰ কামত ব্যপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰফিক ভূঞাৰ বিৰুদ্ধে(Allegation against Kalgachia panchayat president) ৰাইজে অভিযোগ উত্থাপন কৰিছে । মধ্য আমগুৰি গাওঁৰ পকা মছজিদৰ শৌচাগাৰ নিৰ্মাণৰ বাবে ১,৫০,০০০ টকা আবন্টন দিছিল যদিও কাম সম্পূৰ্ণ কৰা নাই বুলি ৰাইজে অভিযোগ তুলিছে । জানিব পৰা মতে, সামগ্ৰী ক্ৰয়ৰ বাবদ ৪০ হাজাৰ টকা ব্যয় কৰাৰ লগতে মছজিদ সমিতিক ২৫ হাজাৰ টকা নগদ দিয়া হৈছে । কিন্তু বাকী ধন ৰাশি এতিয়াও ৰাইজে লাভ কৰা নাই । লগতে নিৰ্মাণ কাৰ্যও বৰ্তমান বন্ধ হৈ আছে । বাকী থকা ধনৰাশি পঞ্চায়তৰ সভাপতিয়ে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে মছজিদ সমিতিয়ে । পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি শৌচাগাৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ ৰাইজে এতিয়া চৰকাৰক আহ্বান জনাইছে ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details