নামনিৰ অসমীয়াই চেলেং চিনি নাপায় : ফণীভূষণ চৌধুৰী
১৯৮৫ চনৰ ১৪ অক্টোবৰত প্ৰতিষ্ঠা হোৱা অসম গণ পৰিষদ দলে বৃহস্পতিবাৰে পালন কৰিলে প্ৰতিষ্ঠা দিৱস । বৃহস্পতিবাৰৰ দিনটোত শিৱসাগৰ জিলাৰ ডিমৌত দলটোৱে ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত দলটোৰ শীৰ্ষ নেতা ফণীভূষণ চৌধুৰীয়ে নিজা অভিভাষণ প্ৰংসগত উজনি অসমৰ লগত নামনি অসমৰ মানুহক তুলনা কৰি এক বিতৰ্কিত মন্তব্য কৰে । জ্যেষ্ঠ নেতাগৰাকীয়ে উজনি অসমৰ মানুহৰ সাজপাৰ যেনে চেলেঙৰ প্ৰসংগ উত্থাপন কৰি কয় যে, চেলেং কি সেয়া নামনিৰ মানুহে চিনি নাপায় । যদিও চেলেং চাদৰ খাচ অসমীয়াৰ এক সাজপাৰ । সেইদৰে উজনি অসমৰ মানুহৰ ভাষা আৰু সংস্কাৰহে শুদ্ধ আৰু প্ৰকৃত বুলি কৈ নেতাগৰাকীয়ে কয় যে, এই প্ৰকৃত অসমীয়াই অসমৰ আঞ্চলিক শক্তি অসম গণ পৰিষদ দলক জীয়াই ৰাখিব লাগিব । স্বাভাৱিকতেই এতিয়া জ্যেষ্ঠ অগপ নেতা গৰাকীৰ এনে মন্তব্যকলৈ জাঙুৰ খাই উঠিছে ৰাজ্যবাসী ৷ বিশেষকৈ যি সময়ত অসম আৰু অসমীয়াক একত্ৰিত কৰাৰ প্ৰয়োজন এনে সময়ত ভাঙোন মুখী মন্তব্য কৰা বুলি সামাজিক মাধ্যমত ফণীভূষণ চৌধুৰী এতিয়া তীব্ৰ সমালোচনাৰ সমুখীন হৈছে ৷ আনহাতে, দীৰ্ঘ সময় ধৰি নামনি অসমৰ এটা সমষ্টিকে প্ৰতিনিধিত্ব কৰি জাতীয়তাবাদী মনৰ ৰাইজৰ ভোটেৰে মন্ত্ৰী তথা বিধায়কৰ দায়িত্ব লাভ কৰি অহা ফণীভূষণ চৌধুৰীৰ এনে মন্তব্যকলৈ অসন্তুষ্ট হৈছে ৰাইজৰ এটা বৃহৎ অংশ ৷