অসম

assam

ETV Bharat / videos

Congress Protest : চৰকাৰৰ বিৰুদ্ধে ‘ৰাষ্ট্ৰজোৰা জনজাগৰণ অভিযান’ - Abdul Batin Khandakar protest

By

Published : Nov 20, 2021, 9:59 AM IST

বঙাইগাঁও জিলাৰ কীৰ্ত্তনপাৰাত কংগ্ৰেছ(Congress)ৰ প্ৰতিবাদী সমদল ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি(Price Hike), কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভুল অৰ্থনীতিৰ বিৰুদ্ধে সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ উদ্যোগত ‘ৰাষ্ট্ৰজোৰা জনজাগৰণ অভিযান’ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় । স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ(Abdul Batin Khandakar)য়ে হাতত গেছ চিলিণ্ডাৰ লৈ প্ৰতিবাদী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । আনহাতে, অভয়াপুৰীতো নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সিদ্ধান্তমৰ্মে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ অনুসৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু ধ্বংসপ্ৰাপ্ত অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি শীঘ্ৰেই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

ABOUT THE AUTHOR

...view details