কিয় বিধানসভাৰ পৰা নিলম্বন কৰা হ'ল বিধায়ক শ্বেৰমান আলী আহমেদক ?
বিধানসভাৰ পৰা মাৰ্শ্বাল লগাই উলিয়াই দিয়া হ’ল কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদক ৷ বিধানসভাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ মুখ্য সমন্বয়ক হিতেশ দেৱ শৰ্মা উক্ত পদৰ বাবে অযোগ্য বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ হিতেশ দেৱ শৰ্মাৰ প্ৰসংগ উত্থাপন কৰাত অধ্যক্ষই বাধা আৰোপ কৰে বিধায়কগৰাকীক । কিন্তু অধ্যক্ষৰ বাৰম্বাৰ অনুৰোধ স্বত্বেও তেওঁ ক্ষান্ত নোহোৱাত অৱশেষত মাৰ্চালৰ জড়িয়তে সদনৰ পৰা উলিয়াই পঠিওৱা হয় বিধায়ক গৰাকীক ।
TAGGED:
MLA Sherman Ali Ahmed