অসম

assam

ETV Bharat / videos

আৰক্ষী বিষয়াৰ দ্বাৰা অপমানিত হ’ল এগৰাকী মহিলা

By

Published : Sep 20, 2021, 6:13 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত থকা গৃহ বিভাগৰ স্মাৰ্ট আৰক্ষীৰ স্বৰূপ উদঙালে মৰাণ আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াই । ঘটনাৰ বিৱৰণি অনুসৰি, মৰাণৰ এগৰাকী স্বামীহাৰা দৰিদ্ৰ মহিলাই এখন ঠেলাৰে ফুটপাথত দোকান দি চলি আছিল । দেওবাৰে সন্ধিয়াৰ ভাগত দোকান সামৰিব লৈছিল মহিলা গৰাকী আৰু তেওঁৰ ঘৰলৈ অহা ভনীয়েকে । তেনেতে লোকমন হুচেইন নামৰ এজন যুৱকে আহি আন্ধাৰৰ সুযোগ লৈ মহিলা গৰাকীৰ ভনীয়েকৰ দেহত হাত দি শ্লীনতা হানিৰ চেষ্টা কৰে । দুয়োগৰাকী মহিলাই বাধা দিয়াত অভিযুক্ত লোকমন হুচেইনে মহিলাগৰাকীক প্ৰহাৰ কৰে ৷ উপায়ন্তৰ হৈ ভুক্তভোগী মহিলাগৰাকীয়ে কাষ চাপে মৰাণ আৰক্ষীৰ । মহিলা গৰাকীয়ে সকলো কথা আৰক্ষী বিষয়া ৰাজীৱ দাসক অৱগত কৰে যদিও বিষয়া গৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে অশ্লীল গালি গালাজহে কৰে বুলিহে অভিযোগ কৰে মহিলা গৰাকীক । মহিলা গৰাকীয়ে সাংবাদিকৰ আগত অৱগত কৰা অনুসৰি, "ফুটপাথত দোকান দিছ, নিৰ্যাতন সহ্য কৰিবই লাগিব" বুলি আৰক্ষী বিষয়া গৰাকীয়ে ভুক্তভোগী মহিলা গৰাকীক ধম দিয়ে । পিছত অৱশ্যে স্থানীয় এজন যুৱকে আৰক্ষীৰ উদ্ধতম কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত অভিযুক্ত লোকমন হুচেইনক মৰাণ আৰক্ষীয়ে আটক কৰে ।

ABOUT THE AUTHOR

...view details