অসম

assam

ETV Bharat / videos

মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা - প্ৰত্যাহ্বানৰ সন্মুখীন

By

Published : May 15, 2021, 7:58 PM IST

মুখ্যমন্ত্ৰীৰ চকীত বহাৰ এসপ্তাহ সম্পূৰ্ণ নৌহওঁতেই দুটাকৈ গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰথমটো ঘটনা নগাঁৱৰ ৷ নগাঁও জিলাৰ বামুণী পাহাৰৰ তপতজুৰিত অস্বাভাৱিকভাৱে মৃত্যু ঘটিছে 18 টাকৈ বন্যহস্তীৰ ৷ বজ্ৰপাতৰ ফলত হাতীকেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ লগতে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী আৰু স্থানীয় ৰাইজে ৷ কিন্তু আন একাংশৰ মতে এই ঘটনাৰ অন্তৰালত আছে কাৰোবাৰ কু-অভিসন্ধি ৷ এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে চৰকাৰক আহ্বান বিভিন্ন প্ৰকৃতি প্ৰেমী সংগঠনৰ ৷ হিমন্ত বিশ্ব শৰ্মালৈ দ্বিতীয়টো প্ৰত্যাহ্বান আহি পৰিছে তিনিচুকীয়াৰ পৰা ৷ শুকুৰবাৰে ডিগবৈ টিংৰাই বজাৰত সংঘটিত হয় এক বিস্ফোৰণৰ ঘটনা ৷ এই বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ লগতে গুৰুত্বৰভাৱে আহত হয় আন দুজন লোক ৷ শনিবাৰে তিনিচুকীয়াত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োগৰাকী মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰে ৷ দুয়োগৰাকী মৃতক চনদীপ সিং আৰু সুৰজিৎ তালুকদাৰ পৰিয়ালৈ 5 লাক কৈ টকা আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে জাগুনৰ গ্ৰেণড বিস্ফোৰণত নিহত শিশুটিৰ পৰিয়াললৈ আগবঢ়াই 3 লাখ টকাৰ ক্ষতিপূৰণ ৷ ক্ষতিপূৰণৰ ধনৰাশি পৃথক হোৱাত সামাজিক মাধ্যমত সমালোচনাও হোৱা দেখা গৈছে ৷ আনহাতে, ডিফুত শনিবাৰে সংঘটিত হৈছে এক গুলীয়া গুলীৰ ঘটনা ৷ ইফালে, বৰ্তমানলৈকে কোনো সন্ধান নাই আলফাই অপহৰণ কৰা অ’ এন জিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ ৷ এই সমূহ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীয়ে এতিয়া কি দৰে প্ৰতিহত কৰে সেয়া লক্ষ্যণীয় হ’ব ৷

ABOUT THE AUTHOR

...view details