কামৰূপ জিলাত হ'ব প্ৰথমটো সংহত আৰক্ষী অধীক্ষকৰ কাৰ্যালয় - ndrf
দিল্লীৰ ভ্ৰমণ সামৰি পোনে পোনে আমিনগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কামৰূপ জিলাত হ'ব ৰাজ্যৰ ভিতৰতে প্ৰথমটো সংহত ( INTEGRATED ) আৰক্ষী অধীক্ষকৰ কাৰ্যালয় । এন ডি আৰ এফ (NDRF), এছ ডি আৰ এফ (SDRF) আৰু অগ্নিনিৰ্বাপক বাহিনী কাৰ্যলয় সন্নিৱিষ্ট থাকিব এই সংহত আৰক্ষী অধীক্ষক কাৰ্যালয়ত । কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়ৰ সমীপত আন এটা প্ৰশাসনিক ভৱন নিৰ্মাণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । আমিনগাঁওস্থিত ইণ্ডোৰ ষ্টেডিয়ামত হ'ব অত্যাধুনিক চুইমিং পুল । জিলাখনৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় কাৰ্যালয় সন্নিৱিষ্ট কৰা হ'ব নতুন প্ৰশাসনিক ভৱন ৷ শীঘ্ৰেই এই পৰিকল্পনা বাস্তৱায়িত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । সংব্যাদ মাধ্যমক এই কথা সদৰি কৰিলে কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ৷