পাঁচ মাহৰ পূৰ্বৰ ভাষণ আওৰাই সুশান্তৰ হৈ প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই - সুশান্ত বৰগোহাঁই
পাঁচ মাহৰ ভিতৰত ভাষণ সলনি কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ পাঁচ মাহৰ আগতে কৈছিল সুশান্ত বৰগোহাঁইক ভোট নিদিবলৈ ৷ এতিয়া সেই সুশান্ত বৰগোহাঁইৰ হৈয়ে ৰাইজৰ মাজত প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই ৷ তেতিয়া কৈছিল ভোট দিব নালাগে আৰু এতিয়া কৈছে লাগে ৷ মঙলবাৰে সুশান্ত বৰগোহাঁইৰ হৈ দ্বিতীয়বাৰৰ বাবে উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাই থাওৰাৰ নিতাইপুখুৰীত শৰ্মাই কয়, কংগ্ৰেছক ভোট নিদিব, ভোট দিয়ক সুশান্ত বৰগোহাঁইক ৷