অসম

assam

By

Published : Oct 23, 2021, 8:22 PM IST

ETV Bharat / videos

উন্নয়নৰ আশ্বাস দি তামুলপুৰত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে

মিনি দিছপুৰলৈ পৰিণত হ'ল ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টি ৷ সমষ্টিটোৰ উপ-নিৰ্বাচনৰ বাবে ইউ পি পি এলৰ প্ৰক্ষেপিত প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ শনিবাৰে প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আঙাৰকাটাৰ লক্ষীনাৰায়ণপুৰ ৰথখলা ক্ষেত্ৰত আয়োজিত এক বিশাল গণ সমাবেশত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে প্ৰথমেই মাটিৰ দালাল সমূহৰ দৰে চৰকাৰী চাউল কৰ্তন কৰা এজেন্টবোৰকো জেললৈ প্ৰেৰণ কৰিব বুলি সকিয়াই দিয়ে । ইফালে, উন্নয়নমূলক কামত তামুলপুৰ সকলো সমষ্টিতকৈ আগবাঢ়ি আছে বুলি মন্তব্য প্ৰকাশ কৰি মূল্যবৃদ্ধি সম্পৰ্কত চৰকাৰে আলোচনা কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ তদুপৰি বৰাকক পৃথক কৰি দিয়া প্ৰসংগত কয়, ড৹ নগেন শইকীয়াই কৰা মন্তব্যটো এটা ব্যক্তিগত মন্তব্য ৷ আগতেও এই কথা বহুজনে উল্লেখ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰি প্ৰসংগটোৰ পৰা আঁতৰি থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

ABOUT THE AUTHOR

...view details