গোমধৰ কোঁৱৰ ক্ষেত্ৰৰ উন্নয়নৰ বাবে এক কোটি টকা ঘোষণা মুখ্যমন্ত্ৰীৰ - গোমধৰ কোঁৱৰ ক্ষেত্ৰৰ উন্নয়নৰ বাবে এক কোটি টকা ঘোষণা মুখ্যমন্ত্ৰীৰ
মৰিয়নীৰ ন-কছাৰীৰ তাৰাতলিত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বীৰ গমধৰ কোঁৱৰৰ স্মৃতি উদ্যানত বন্তি প্ৰজ্জ্বলন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইয়াৰ পাচতে অসমৰ প্ৰথম স্বাধীনতা সেনানী গোমধৰ কোঁৱৰৰ স্মৃতি উদ্যানত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । গোমধৰ কোঁৱৰ ক্ষেত্ৰৰ উন্নয়নৰ বাবে এক কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে ঐতিহাসিক ধোদৰ আলি নিৰ্মাণৰ ক্ষেত্ৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।