মহঙা দিনৰ মাজতে দীপাৱলীলৈ মাটিৰ চাকি প্ৰস্তুত মৃৎশিল্পীৰ - ইলেক্ট্ৰনিক লাইট
পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ দুটামান দিন । দীপাৱলী উপলক্ষে সাধাৰণতে এই সময়ছোৱাত ব্যস্ততা বৃদ্ধি পাই পিঠাখোৱা গাঁওবাসীৰ । ঘৰে ঘৰে মাটিৰ চাকি বনোৱাত ব্যস্ত থাকে এইসকল মৃৎশিল্পী ৷ অতীতৰে পৰা মৃৎশিল্পৰ লগত জড়িত এইখন গাঁও । অসমৰ থলুৱা এই শিল্পবিধ ধৰি ৰখাৰ প্ৰয়াস কৰিছে গাঁৱখনৰ প্ৰায় ৩০ ঘৰ পৰিয়ালে ৷ বহু কষ্টৰে মাটিৰ সামগ্ৰী নিৰ্মাণৰ বাবে ব্যৱহৃত বিশেষ ধৰণৰ আলতীয়া মাটি বহুতলৰ পৰা খান্দি উলিয়াই মাটি চাকি, কলহ, দুনৰী আদি বিভিন্ন ৰূপ দিয়ে ৷ কিন্তু এইবাৰ কৰোণাতংক আৰু মূল্যবৃদ্ধিয়ে বাৰুকৈ প্ৰভাৱাম্বিত কৰিছে কুমাৰ শিল্পীসকলক । কিন্তু এইবাৰ দেৱালীৰ এই সময়ছোৱাত এইসকল মৃৎশিল্পীৰ মাজত পূৰ্বৰ দৰে নাই ব্যস্ততা । অৱশ্যে পৰম্পৰা ৰক্ষা কৰি সীমিত সংখ্যক চাকি নিৰ্মাণ কৰিছে । ইপিনে আধুনিক সমাজত ইলেক্ট্ৰ’নিক লাইটৰ ব্যৱহাৰে চাকিৰ প্ৰয়োভৰ কমাই তুলিছে যাৰ ফলত এতিয়া হতাশাত ভুগিছে এইসকল ব্যৱসায়ী ।