অসম

assam

ETV Bharat / videos

নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ পৰা লাভ কৰিব স্মাৰ্ট ফোন - assam govt to provide smart phone to class nine and ten student

By

Published : Jul 16, 2021, 9:17 PM IST

২০২১-২২ বৰ্ষৰ বাজেটত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈ স্মাৰ্ট ফোন (smart phone) যোগান ধৰাৰ কথা অসম বিধানসভাত সদৰী কৰিলে ৰাজ্যৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী অজন্তা নেওগে । ইয়াৰ দ্বাৰা উপকৃত হ’ব ৰাজ্যৰ প্ৰায় ৮ লাখ ছাত্ৰ-ছাত্ৰী । পিছে সকলো ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰিব স্মাৰ্ট ফোন । কেৱল চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব । নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে লাভ কৰিব এই বিশেষ সুবিধা । ছাত্ৰ-ছাত্ৰীসকলে যা পঢ়া-শুনাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, সেই উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ ৷

ABOUT THE AUTHOR

...view details