ভূমিক কেন্দ্ৰ কৰি কলগাছিয়াত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট - Clash between two groups in Kalgasia
কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত নদিয়াপাৰা গাঁৱত এডোখৰ ভূমিক কেন্দ্ৰ কৰি সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ প্ৰাপ্ত অভিযোগ মতে, বিল্লাল হুছেইন নামৰ এজন লোকৰ খেতি মাটি বেদখল কৰি মকবুল হুছেইন নামৰ এজন ব্যক্তিয়ে বৃহস্পতিবাৰে ট্ৰেক্টৰেৰে হাল বাবলৈ গৈছিল ৷ এই বিষয়ে খবৰ পাই বিল্লাল হুছেইনে, মকবুল হুছেইনক হালবোৱাত বাধা প্ৰদান কৰাত দুয়োপক্ষৰ মাজত কাজিয়াৰ সৃষ্টি হৈ শেষত প্ৰচণ্ড মাৰপিট সংঘটিত হয় ৷ ঘটনাত দুয়োপক্ষৰ 19 জনকৈ লোক গুৰুতৰভাবে আহত হয় ৷ উল্লেখযোগ্য যে, এই মাটি ডোখৰক লৈ বিল্লাল হুছেইন আৰু মকবুল হুছেইনৰ পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আছে ৷ বিল্লাল হুছেইনে এইখিনি তেওঁৰ ভূমি বুলি দাবী কৰাৰ বিপৰীতে মকবুল হুছেইনেও একেখিনি মাটিকে নিজৰ মাটি বুলি দাবী কৰি আহিছে ৷ স্থানীয় লোকে আহত সকলক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও তিনিজনৰ অৱস্থা অতি সংকটজনক হোৱাত বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷