ৰঙিয়াত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ - ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা
সোমবাৰে, দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চি আই টি ইউ(CITU), নিখিল ভাৰত কৃষক সভাই । আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ, শ্ৰম আইন সংশোধন প্ৰক্ৰিয়া বন্ধ কৰা, তিনিখন কৃষি আইন প্ৰত্যাহাৰ, বিভিন্ন আঁচনিৰে জড়িত হৈ থকা কৰ্মীসকলৰ মাননি বৃদ্ধি কৰা, ক'ভিডৰ টীকাৰণৰ ব্যৱস্থা অধিক সুচল কৰাকে ধৰি কেইবাটাও দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠন দুটাই । ৰঙিয়াতো চি আই টি ইউ(CITU), নিখিল ভাৰত কৃষক সভাৰ কৰ্মকৰ্তাসকলেও ভাৰত বচাওক দিৱস পালন কৰি বিক্ষোভ প্ৰদৰ্শন কৰে । ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়ায় প্ৰতিবাদকাৰীসকলে । প্ৰায় শতাধিক কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচী অংশ লয় । আনহাতে, শ্ৰম আইন সংশোধন প্ৰক্ৰিয়া বন্ধ কৰক , বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে । ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কিছু সময় ধৰ্ণা দিয়াৰ পিছত প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হয় । চক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে একাংশ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে ।