চীনক প্ৰত্যাহ্বান জনাবলৈ অৰুণাচল সীমান্তত সাজু ভাৰতীয় সেনা - নিনং এৰিং
ভাৰত-চীন সীমান্তৱৰ্তী লাচাৰ পৰা নিংচিলৈকে চীনে নিৰ্মাণ কৰা ৰে'লপথটো ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷ জানিব পৰা মতে এই ৰে'লপথৰ পৰীক্ষণ সম্পূৰ্ণ কৰিছে চীনে ৷ প্ৰায় 4.8 বিলিয়ন ডলাৰ ব্যয় সাপেক্ষে চীনে নিৰ্মাণ কৰা এই ৰে'লপথটো জুলাই মাহত আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সম্ভাৱনা আছে ৷ ইয়াক কেন্দ্ৰ কৰি শংকাত ভূগিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ অৰুণাচলৰ বিধায়ক নিনং এৰিঙে ৷ এই বিষয়ত কেন্দ্ৰীয় ৰে'লমন্ত্ৰী পীযুষ গোৱেললৈ পত্ৰ প্ৰেৰণ কৰা কথা এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে সদৰী কৰিছে নিনং এৰিঙে ৷ এৰিঙে কয় যে, আপাৰ চিয়াং(Upper Siang)ৰ পৰা নিংচিলৈ প্ৰায় 40 কিল’মিটাৰ দূৰত্ব ৷ চীনে নিৰ্মাণ কৰা এই ৰে'লপথটোৱে ভাৰতীয় নিৰাপত্তা তথা সামৰিক ক্ষেত্ৰত প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে বুলি শংকাত ভূগিছে নিনং এৰিঙে ৷