এটা উৰুখা পঁজা আৰু এটি বৃদ্ধ দম্পত্তীৰ মৰ্মান্তিক জীৱন গাথা ! - ছয়গাঁৱৰ বেলগুৰি
একবিংশ শতিকাত গৰুৰ গোহালিৰ দৰে এটা ঘৰত জীৱন নিৰ্বাহ কৰাতো আমাৰ বহুতৰে বাবে কল্পনাতীত ৷ এয়াৰ কুলাৰ-ৰুম হিটাৰ, বিলাসী গাড়ী আদিৰেও জীৱনৰ অভিলাষ পূৰ নোহোৱা সময়ত ছয়গাঁৱৰ বেলগুৰিত বিশ বছৰে ভগা টিনৰ এটি জুপুৰীত বাস কৰি আহিছে এটি বৃদ্ধ দম্পতীয়ে ৷ জুপুৰীটোত মানুহ বুলিবলৈ মাথোঁ প্ৰফুল্ল দাস আৰু তেওঁৰ পত্নী ৰতিমা দাস ৷ একালত ৰিক্সা চলাই পেট প্ৰৱৰ্তাইছিল প্ৰফুল্ল দাস নামৰ লোকজনে ৷ কিন্তু দৃষ্টি শক্তি হ্ৰাস পোৱাত, শৰীৰে লগ নিদিয়া হোৱাত প্ৰফুল্ল দাসৰ পত্নীয়ে গ্ৰহণ কৰিব লগীয়া হ'ল ভিক্ষা বৃত্তি ৷ চৰকাৰী সা-সুবিধাৰ পৰাও বঞ্চিত হৈ ৰৈছে প্ৰফুল্ল দাস ৷ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন