পুনৰ CAA বিৰোধিতাৰে উত্তপ্ত ৰাজ্য - কা বলৱৎ
মঙলবাৰে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শীঘ্ৰে কা বলৱৎ কৰা হ'ব বুলি মন্তব্য কৰাৰ পিচতে এতিয়া উত্তপ্ত হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ শদিয়াৰ পৰা ধুবুৰীলৈ সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৷ আছুৰ স্পষ্ট ঘোষণা কোনোপধ্যে মানি লোৱা নহ'ব জাতিধ্বংসী নাগৰিকত্ব আইন ৷ বিজেপি চৰকাৰক একপ্ৰকাৰ সকীয়নি দি আছুৱে ক'লে কা বাতিল নোহোৱা পৰ্যন্ত ৰাজ্যত অব্যাহত থাকিব কা বিৰোধী আন্দোলন ৷ তদুপৰি এইবাৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰিবলৈও আহ্বান প্ৰতিবাদকাৰী আছু কৰ্মীৰ ৷