বোৱাৰী বিহু নামেৰে উদুলি-মুদুলি পৰিৱেশ ডিব্ৰুগড়ত
নঙলামুখত হেঁপাহৰ ৰঙালী ৷ ডেকা-চেমনীয়া, বুঢ়া-আদহীয়া সকলো এতিয়া ব্যস্ত হেঁপাহৰ ৰঙালীক আদৰাৰ ৷ বাদ পৰি ৰোৱা নাই বোৱাৰী সকলো । ঘৰ এখনৰ সমস্ত দায়িত্ব, সংসাৰ সূচাৰুৰূপে পৰিচালনা কৰাৰ পাচত বিহুত এপাক কঁকাল ভাঙিবলৈ ওলাই আহিল ডিব্ৰুগড়ৰ বাণীপুৰৰ বোৱাৰীসকল ৷ উৰুকাৰ প্ৰাকক্ষণত আত্মহাৰা বোৱাৰীসকল ডিব্ৰুগড়ৰ বাণীপুৰৰ মুকলি পথাৰত ব্যস্ত বিহুৰ আখৰাত ৷