অসম

assam

ETV Bharat / videos

য’ত ভাড়াত চলে এখন দলং...

By

Published : Jul 31, 2021, 10:26 AM IST

কামৰূপ-নলবাৰী সীমান্তৰ ৰঙিয়াৰ খোপনিকুছিৰ নোনা নৈৰ ওপৰত ৰাইজে গাঠিৰ ধন ভাঙি সাজিছে দলং । দলংখন পাৰ হ’বৰ বাবে প্ৰত‍্যেকেই ৩ টকাৰ পৰা ২০ টকা পৰ্যন্ত ভৰিবলগীয়া হয় । যি সকলে টকা দিব নোৱাৰে তেওঁলোকে নদীৰ ওপৰেৰে বিপদ সংকুল যাতায়ত কৰিবলৈ বাধ্য হয় । এই দলংখনেৰে নিতৌ শ শ লোকে যাতায়ত কৰে । বিশেষকৈ, নলবাৰী জিলাৰ প্ৰায় দহখনতকৈও অধিক গাঁৱৰ ৰাইজে বিভিন্ন কামৰ বাবে এইখন দলং ব‍্যৱহাৰ কৰে । বাৰিষা প্ৰায়েই নোনা নৈৰ ওপৰৰ দলং উটি যায় আৰু প্ৰতিবাৰেই ৰাইজে নিজে সাজি লয় এখন নতুন দলং । কোনোবাটো বাৰিষাত তিনিবাৰ পৰ্যন্ত দলং সাজিবলগীয়া ৰাইজে ।

ABOUT THE AUTHOR

...view details