বঙাইগাঁৱত কোচ-ৰাজবংশী লোকনৃত্যৰ কৰ্মশালা - Bongaigaon bishuwa preparation etv bharat news
ৰাজ্যৰ চাৰিওদিশে এতিয়া ৰঙালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলিছে ৷ বাদ পৰি ৰোৱা নাই কোচ ৰাজবংশী অধ্যুষিত বঙাইগাঁও জিলাৰ পুৰণি বঙাইগাঁৱৰ বেতবাৰী ৷ কোচ ৰাজবংশীৰ জাতীয় সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বিষুৱা উপলক্ষে ৬ দিনীয়াকৈ বিনামূলীয়া লোকনৃত্যৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে । ৮ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান ১৩ এপ্ৰিললৈ চলিব । কোচ ৰাজবংশীসকলৰ পৰম্পৰাগত গোৱালিনী নৃত্য, হুদুম নৃত্য, কুশান নৃত্য, কাৰ্তিকা নৃত্যৰ প্ৰশিক্ষণ দিয়া হৈছে এই কৰ্মশালাত ।