অসম

assam

ETV Bharat / videos

বকোত ৰঙালী বিহু উপলক্ষে বড়ো নৃত্যৰ কৰ্মশালা

By

Published : Apr 11, 2021, 8:00 AM IST

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । হেঁপাহৰ বিহুটিক আদৰিবলৈ এতিয়া গাঁৱে-ভূঞে ডেকা গাভৰুৱে দিনে নিশাই বিহু নৃত্য, গীত-মাতৰ আখৰাত ব্যস্ত । বকোৰ ভোগদাবাৰী গাঁৱত ভোগদাবাৰী যুৱ সংঘই ৰঙালী বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰিছে বড়ো নৃত্য কৰ্মশালাৰ । ভোগদাবাৰী গাঁৱৰ লগতে চুবুৰীয়া অঞ্চলৰ প্ৰায় ৫০ গৰাকী যুৱতীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে । কৰ্মশালাত প্ৰশিক্ষক জ্ঞাননেন্দ্ৰ বসুমতাৰীয়ে বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগৌৰুম্বা, মৌসাগ্লাংনাই, মৌচানাই, দাঔশ্ৰিদেলাই নৃত্যৰ প্ৰশিক্ষণ দিয়ে ৷ বড়োসকলৰ সংস্কৃতি, পৰম্পৰা জীয়াই ৰখাৰ উদ্দেশ্যে এই নৃত্য কৰ্মশালাৰ আয়োজন কৰাৰ কথা প্ৰশিক্ষক জ্ঞাননেন্দ্ৰ বসুমতাৰীয়ে জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details