জৌংছাৰ মুছাহাৰী আৰু জনক ব্ৰহ্ম হত্যাৰ ন্যায় বিচাৰি ৰাজপথত শিক্ষাৰ্থী - অসম আৰক্ষী
বড়োভূমিত শান্তি বিচাৰি ৰাজপথত উত্তাল প্ৰতিবাদ শিক্ষাৰ্থীৰ ৷ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানীৰ লুংছুং বনাঞ্চলত আৰক্ষীয়ে ভুৱা সংঘৰ্ষ ৰচনা কৰি জৌংছাৰ মুছাহাৰী আৰু জনক ব্ৰহ্ম নামৰ দুজন যুৱকক হত্যা কৰাৰ অভিযোগত যোৱা তিনি দিন ধৰি কোকৰাঝাৰত অব্যাহত প্ৰতিবাদ ৷ উল্লেখ্য যে, সদৌ বিটিআৰ মহাবিদ্যালয়ৰ ছাত্ৰ সন্থা (ABCSU) উদ্যোগত মঙলবাৰে বিটিআৰ সদৰ কোকৰাঝাৰত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় ৷ প্ৰতিবাদী সমদলত কোকৰাঝাৰ, চিৰাং, বাগছা আৰু ওদালগুৰী জিলাৰ প্ৰায় দুই শতাধিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ হাতে হাতে প্লে’কাৰ্ডলৈ প্ৰতিবাদকাৰী সকলে "আমাক ন্যায় লাগে, ন’ জাষ্টিচ ন’ ৰেষ্ট, অসম পুলিচ গ’বেক আদি ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমদলত নেতৃত্ব দিয়া ছাত্ৰ নেতা সকলে "ভুৱা সংঘৰ্ষৰ নামত নিৰীহ বড়ো যুৱকক হত্যা বন্ধ কৰক, নিহত জৌংছাৰ মুছাহাৰী আৰু জনক ব্ৰহ্মক ন্যায় দিয়ক আৰু ঘটনাৰ লগত জড়িত অতিৰিক্ত আৰক্ষী অধীক্ষকক নিলম্বন কৰাৰ প্ৰৱল দাবী উত্থাপন কৰে ৷