অসম

assam

ETV Bharat / videos

লক ডাউনঃ মহানগীৰত তেজৰ অভাৱ দূৰ কৰিছে মাৰোৱাৰী হাস্পতালে ! - টাচ্ছ অফ হিউমেনিটি

By

Published : Apr 9, 2020, 8:54 PM IST

Updated : Apr 9, 2020, 9:16 PM IST

তলাবন্ধৰ ফলত তেজৰ অভাৱ হৈছে মহানগৰীৰ চিকিৎসালয় সমূহত । কিয়নো ওলাই আহিব পৰা নাই ৰক্তদান কৰা ব্যক্তিসকল । কিন্তু ইয়াৰ মাজতো তেজৰ অভাৱত ভোগা ৰোগী সকলৰ ভৰসা হৈছে, আঠগাঁৱৰ মাৰোৱাৰী হাস্পাতাল । চিকিৎসালয়খনত মজুত আছে যথেষ্ট পৰিমাণৰ তেজ । যাৰ বাবে অন্য চিকিৎসালয় সমূহতো তেজ যোগান ধৰিছে চিকিৎসালয়খনে । চিকিৎসালয়খনত প্ৰতিদিনে ১০ ৰ পৰা ১১ জন ব্যক্তি আহি দান কৰিছে তেজ । আনহাতে টাচ্ছ অফ হিউমেনিটি নামৰ এটি বেচৰকাৰী সংস্থা, তেজৰ অভাৱত ভোগা ৰোগী সকলৰ বাবে হৈ পৰিছে দেৱৰূপ স্বৰূপ । এই বেচৰকাৰী সংস্থাটোৱে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে, তেজৰ অভাৱত ভোগা ৰোগী সকলৰ লগত যোগাযোগ কৰি ৰক্তদাতা সকলক লৈ আহে চিকিৎসালয় সমূহলৈ । সংস্থাটোৱে ৰক্তদাতা সকলক তেওঁলোকৰ ঘৰৰ পৰা চিকিৎসালয়লৈ আনি তেজ প্ৰদান কৰাৰ পিচত পুনৰ থৈ আহে নিজ ঘৰলৈ । এই মহান কামৰ বাবে টাচ্ছ অফ হিউমেনিটি নামৰ সংস্থাটোৱে, তলাবন্ধৰ সময়ত ওলাই আহিবলৈ জিলা উপায়ুক্তৰ পৰা সংগ্ৰহ কৰিছে বিশেষ অনুমতি পত্ৰ ৷
Last Updated : Apr 9, 2020, 9:16 PM IST

ABOUT THE AUTHOR

...view details