অসম

assam

By

Published : Apr 4, 2021, 5:29 PM IST

ETV Bharat / videos

ধুবুৰীত বিজেপিৰ শক্তি প্ৰদৰ্শন

দেওবাৰে ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন । অন্তিম দিনা ধুবুৰী সমষ্টিত বিশাল ৰেলী উলিয়াই শক্তি প্ৰদৰ্শন কৰিলে বিজেপি প্ৰাৰ্থী তথা ডাঃ দেৱময় সান্যালে । ধুবুৰী জিলা বিজেপিৰ কাৰ্য্যালয়ৰ পৰা ৰেলী উলিয়াই সমষ্টিৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় ডাঃ সান্যালে । ধুবুৰী সমষ্টিত মহাজোঁটৰ প্ৰাৰ্থী নজৰুল হকৰ সৈতে মূল প্ৰতিদ্বন্দিতা হ’ব বুলি মন্তব্য কৰে ডাঃ দেৱময় সান্যালে ৷ লগতে ধুবুৰী সমষ্টিত তেওঁৰ জয় নিশ্চিত বুলি মন্তব্য কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details