অসম

assam

ETV Bharat / videos

গুৰুজনাৰ সৃষ্টিৰাজি সংৰক্ষণৰ ক্ষেত্ৰত কি ক'লে দিলীপ শইকীয়াই ?

By

Published : Oct 15, 2021, 8:25 PM IST

গুৰুজনাৰ আবিৰ্ভাৱ তিথি ভাৰতীয় জনতা পাৰ্টীৰ দলৰ মজিয়াত আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে । সংসদৰ মজিয়াত প্ৰথমবাৰৰ বাবে শংকৰদেৱৰ আবিৰ্ভাৱ তিথি ৰাষ্ট্ৰীয় বন্ধৰ দিন বা ৰাষ্ট্ৰীয়ভাৱে উদযাপন কৰা আৰু ৰাষ্ট্ৰীয় যিবিলাক বিশ্ববিদ্যালয় আছে সেই বিলাকত শংকৰদেৱৰ আসন প্ৰতিষ্ঠা কৰা দাবী উত্থাপন কৰিছে সাংসদ দিলীপ শইকীয়াই । তেওঁ লগতে কয়, গুৰুজনাৰ সৃষ্টিৰাজি ভাৰত বৰ্ষৰ অন্য প্ৰান্তৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ লৈ যাব লাগিব । লণ্ডনৰ সংগ্ৰাহলয়ত থকা গুৰুজনা মহান সৃষ্টি বৃন্দাবনি বস্ত্ৰ স্বদেশলৈ অনাৰ বাবে চৰকাৰে প্ৰয়াস কৰিব বুলিও কয় দিলীপ শইকীয়াই ।

ABOUT THE AUTHOR

...view details