MLA Diganta Kalita criticized Congress : কংগ্ৰেছক তুলা-ধূনা বিধায়ক দিগন্ত কলিতাৰ - কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰামণাত্মক দিগন্ত কলিতা
কংগ্ৰেছ দলত এতিয়া সভাপতি পদৰ বাবে এগৰাকী উপযুক্ত প্ৰাৰ্থীৰ অভাৱ ৷ শূন্যতে গদা ঘূৰাই আছে কংগ্ৰেছে ৷ এইদৰে বিৰোধী দলটোক তীব্ৰ কটাক্ষ কৰিলে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৷ কেৱল টিভিত লীডাৰ হৈ মুখ্যমন্ত্ৰীৰ সৈতে যুদ্ধত ননমাই ভাল বুলিও দলটোক সকিয়নী দিয়ে বিধায়কজনে ৷ পুঠিমাৰীৰ আঠাৰাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰে কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক বাক্যবাণ প্ৰয়োগ কৰে বিজেপি বিধায়ক দিগন্ত কলিতাই ৷ কংগ্ৰেছক বৰ্তমানে গৰিমা নথকা এটা দল হিচাপে অভিহিত কৰে বিধায়ক কলিতাই (BJP MLA Diganta Kalita criticized Congress) ৷ সমান্তৰালকৈ ৰাইজক চৰকাৰে জাৰি কৰা SOP মানি চলিবলৈ আহ্বান জনায় বিধায়কজনে ৷