পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন
নলবাৰী জিলাৰ ৬১ নম্বৰ ধৰ্মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ এখন কাৰ্যনিৰ্বাহক সভা আজি দাহুদী কালি মন্দিৰ প্ৰাঙ্গণত সম্পন্ন হয় । পুৱা পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি কামাখ্যা প্ৰসাদ শৰ্মাই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত বন্তি প্ৰজ্বলন কৰে উপ-সভাপতি শশীন শৰ্মাই । ইয়াৰ পিছতে পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি কামাখ্যা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডা: মৃগাংক তালুকদাৰ, সম্পাদক পুলক শৰ্মা, জিলা কাৰ্যনিৰ্বাহক পবিত্ৰ ডেকা, ৰাজ্যিক কাৰ্যনিৰ্বাহক শৰৎ বৰ্মন, প্ৰতিভা বৰ্মন, শক্তি কেন্দ্ৰৰ আহ্বায়ক অভিজিত বাৰ্মা, যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ কেইবাজনো নেতা-কৰ্মী সহ কেইবাশতাধিক লোক উপস্থিত থাকে । পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সম্পাদক উৎপল পাটোৱাৰীয়ে আত ধৰা সভাখনত প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক প্ৰফুল্ল হালৈয়ে । সভাত আগন্তুক দিনত ধৰ্মপুৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিক অধিক শক্তিশালী কৰিবলৈ কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে ৷