কৰিমগঞ্জ বিজেপিৰ জিলা সভাপতি সুব্ৰত ভট্টাচাৰ্য্য আৰু আৰক্ষীৰ মাজত তর্ক বিতর্ক
প্ৰথম পৰ্য্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ পিছত এতিয়া ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ ধুমুহা উঠিছে । সমান্তৰালকৈ কৰিমগঞ্জ জিলাতো পাঁচটা বিধানসভা সমষ্টিৰ বাবে বৃহস্পতিবাৰে কেবাজনো হাই প্ৰফাইল নেতাই দাখিল কৰিলে মনোনয়ন পত্ৰ । কংগ্ৰেছ দলৰ চাৰিজন, এআইইউডিএফ দলৰ এজন আৰু বিজেপি দলৰ চাৰিজন প্ৰাৰ্থীয়ে দলীয় মনোনয়ন পত্ৰ দাখিল কৰিলে । প্ৰশাসনৰ পক্ষপাতিত্বৰ অভিযোগ আনি বিজেপিৰ জিলা সভাপতি সুব্ৰত ভট্টাচাৰ্য্য আৰু আৰক্ষীৰ মাজত তর্ক বিতর্ক ঘটনা সংঘটিত হয় । কংগ্রেসৰ প্রার্থীৰ লগতে বহুকেইজন লোক ভিতৰত প্রৱেশ কৰিব পাৰে কিন্তু বিজেপিৰ ভাবে কিয় নোৱাৰিব বুলি প্ৰশ্ন কৰে বিজেপি নেতা গৰাকীয়ে ৷