অসম

assam

ETV Bharat / videos

বিশ্বনাথত অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ

By

Published : Aug 28, 2021, 12:10 PM IST

বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিযান চলাই এখন অৰুণাচলী সুৰা(Arunachali liquor) ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই AS01-KC-1835 নম্বৰৰ ট্ৰাকখনৰ লগতে অৰুণাচলী সুৰা (Arunachali liquor) খিনি জব্দ কৰে ৷ আৰক্ষীয়ে ট্ৰাকখনৰ পৰা ৩৫০ কাৰ্টন অৰুণাচলী সুৰা উদ্ধাৰ কৰে । উদ্ধাৰ কৰা সুৰাখিনিৰ মূল্য প্ৰায় ৫ লাখ টকা হ'ব বুলি জানিব পৰা হৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ট্ৰাকখনৰ চালক আদিল আলী আৰু হেণ্ডিমেন মুন্না আলীক গ্ৰেপ্তাৰ কৰিছে । জব্দ কৃত সুৰাখিনি অৰুণাচলৰ পৰা গুৱাহাটীলৈ অনা হৈছিল বুলি ট্ৰাকখনৰ চালকে প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

...view details