অসম

assam

ETV Bharat / videos

জৰাজীৰ্ণ অৱস্থাত কলাগুৰুৰ সমাধিস্থলী

By

Published : Jun 20, 2021, 9:20 AM IST

১৯৬৯ চনৰ ২০ জুনত অৰ্থাৎ আজিৰ দিনটোত অসমৰ কলা সংস্কৃতিৰ মহীৰূহ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল । কিন্তু সকলোৱে মাত্ৰ এটা দিনত মনত ৰাখে , তাৰ পিছত পুনৰ আনটো বছৰ লৈ পাহৰি যায় । তেতিয়াৰ পৰাই ৰজাঘৰীয়া আৰু প্ৰজা ঘৰে এই গৰাকী মহান সৈনিক শিল্পীক সকলোৱে সুঁৱৰি আছে । কৰ্মস্থান সাংস্কৃতিক নগৰী তেজপুৰত এই মহান শিল্পী গৰাকীৰ শেষকৃত সম্পন্ন কৰা হৈছিল ব্ৰহ্মপুত্ৰৰ পাৰত তল কলিবাৰিত । কিন্ত বহু বছৰ পিছত অসম চৰকাৰে এই গৰাকী মহান শিল্পীৰ সমাধিস্থলী সংৰক্ষণ কৰিছিল যদিও বৰ্তমান এই ঠাই সংৰক্ষণৰ অভাৱত জৰাজীৰ্ণ অৱস্থাত উপনীত হৈছে । সংস্কৃতিৰ নগৰী তেজপুৰত এইগৰাকী মহান শিল্পীৰ এটা সংগ্ৰাহালয়ৰ বাবে এটুকুৰা সংৰক্ষিত ঠাই বিগত সময়চোৱাত দিব নোৱাৰিলে জিলা প্ৰশাসনে । 2020 চনত এইখন বিজেপি চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জ্যোতি-বিষ্ণু-ভূপেন হাজৰিকাৰ নামত সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে ঘোষণা কৰিছিল কিন্তু সেয়ে মাত্ৰ ঘোষণা হৈহে ৰ’ল । শনিবাৰে এই সন্দৰ্ভত ক্ষোভ উজাৰিলে তেজপুৰ চহৰৰ সাংস্কৃতিক কৰ্মী তথা এই সমাধিস্থলীৰ একমাত্ৰ সংৰক্ষিত কৰা লোকে । চৰকাৰী সকলো সুবিধাৰ পৰা বঞ্চিত, অৰ্থৰ অভাৱত পৰিত্যক্ত অৱস্থাত আছে ৰাভাৰ এই স্মৃতি ।

ABOUT THE AUTHOR

...view details