নিৰ্বাচনৰ মাজতে ঢোলৰ গুম-গুমনিত মুখৰিত শিৱসাগৰ - কালি প্ৰসাদ স্মৃতিভৱন
নিৰ্বাচনৰ শ্ল’গানৰ মাজত তল পৰিছে কুলিৰ মাত । বিজেপিৰ-কংগ্ৰেছৰ নিৰ্বাচন চিঞৰত ঢোল-পেপাঁৰ মাত যেন তল পৰিছে । এনে সময়ত কিন্তু শিৱসাগৰৰ এজাক কিশোৰ-কিশোৰী সাজু হৈছে হেঁপাহৰ ৰঙালিক আদৰিবলৈ । শিৱসাগৰ নগৰৰ কালি প্ৰসাদ স্মৃতি ভৱন প্ৰাংগণত বিগত ১০ দিন ধৰি অনুষ্ঠিত হৈ অহা বিহু কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে । শিৱসাগৰৰ সক্ৰিয় সাংস্কৃতিক অনুষ্ঠান ঐক্যৰ উদ্যোগত আয়োজন কৰা বিহু নাচ আৰু ঢোল বাদনৰ এই কৰ্মশালাত প্ৰায় ৫০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে । এই কৰ্মশালাত বিহু গৱেষক ড৹ অনিল শইকীয়াই প্ৰশিক্ষাৰ্থী সকলক বিহু গীত, নৃত্যৰ মুদ্ৰা আৰু ঢোলৰ চেও সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে । উল্লেখ্য যে, আয়োজক ঐক্য অনুষ্ঠানৰ উদ্যানত এইবাৰ তৃতীয় বাৰৰ বাবে এই কৰ্মশালা অনুষ্ঠিত হৈছে ।