অসম

assam

ETV Bharat / videos

ঢুলীয়াৰ ঢোলৰ গুমগুমনিত মুখৰিত ৰঙাপৰা

By

Published : Apr 4, 2021, 8:55 PM IST

পদুলি মূৰত হেঁপাহৰ ৰঙালী বিহুটি ৷ ফাগুনৰ পচোৱাই মন উন্মাদ কৰাৰ পিছে পিছে কুলি-কেতেকীৰ মাতেও এতিয়া মন মোহীত কৰিছে সকলোৰে ৷ ঢুলীয়াৰ ঢোলৰ গুমগুমনিত মুখৰিত হৈ পৰিছে এতিয়া অসমৰ আকাশ-বতাহ ৷ শিমলু, মদাৰ, পলাশৰ লগে লগে ফুলিছে ডালত কপৌফুল ৷ এনে সময়তে ৰঙাপৰাত বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি ৷ নৱ-প্ৰজন্মৰ মাজত বিহুৰ কলা-কৃষ্টি জীয়াই ৰখাৰ উদ্দেশ্যেৰে ৰঙাপৰা ৰে’লৱে ৰঙালী বিহু সন্মিলনীয়ে দহ দিনীয়াকৈ আয়োজন কৰে বিহুৰ কৰ্মশালা । কৰ্মশালাত তেজপুৰৰ পৰা অহা প্ৰশিক্ষক লক্ষী শইকীয়াই ৰঙাপৰাৰ নৱ-প্ৰজন্মৰ যুৱক সকলক ঢোল বজোৱাৰ লগতে যুৱতী তথা কণ কণ শিশু সকলক বিহু নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰে। তাৰোপৰি ৰঙাপৰাৰ যুৱক চফিউদ্দিন আহমেদেও এই কৰ্মশালাত বিহু প্ৰশিক্ষণ আগবঢ়ায় ।

ABOUT THE AUTHOR

...view details