অসম

assam

ETV Bharat / videos

ৰূপহীহাটত এতিয়া বিহুৰ ব্যস্ততা - Bihu Preparation

By

Published : Apr 11, 2021, 8:11 PM IST

অসমীয়াৰ আয়ুস ৰেখা তথা চহা অসমীয়াৰ স্বাভিমান ৰঙালী বিহুলৈ মাজত মাথো তিনিদিন বাকী ৷ কৰ’ণাসৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে বিহুনাচৰ কৰ্মশালা অব্যাহত আছে । নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যৰ দাঁতি কাষৰীয়া সূঁতিৰপাৰ বনগাঁৱৰ জনজাতীয় লোকসকলৰ মাজতো বিহুক লৈ ব্যাপক প্ৰস্তুতিৰ লগতে উৎসাহ দেখিবলৈ পোৱা গৈছে । জনজাতীয় গাঁৱখনৰ কণ-কণ শিশুৰ পৰা আদি কৰি বয়োজ্যেষ্ঠ সকলোৰে মাজত এতিয়া সীমাহীন ব্যস্ততা ৷ কোনো যদি ব্যস্ত বিহুৰ আখৰাত, আন কোনো ব্যস্ত তাঁতশালত ৷ যিহেতু অসমীয়াত এশাৰী কথা আছে 'বিহু চেৰেক হেনো শাল অমংগলীয়া' ৷ গতিকে বিহুৰ আগে-আগে কাপোৰ উলিয়াবই লাগিব ৷ সেইদৰে একাংশই আকৌ ব্যস্ত পিঠা-পনা প্ৰস্তুত কৰাত ।

ABOUT THE AUTHOR

...view details