বিহুৰ বন্ধ প্ৰত্যাহাৰক লৈ ক্ষুব্ধ ডাক কৰ্মচাৰী - bihu bondho news
সোমবাৰে শিৱসাগৰত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ বহিল শিৱসাগৰ মুখ্য ডাক কৰ্মচাৰীসকল ৷ কিয়নো এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ বন্ধৰ তালিকাৰ পৰা বাদ পৰিল বন্ধৰ তালিকাৰ পৰা ৷ ইফালে বহাগ বিহুৰ পৰিৱৰ্তে দুৰ্গা পূজাৰ নৱমীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে পাব বন্ধৰ দিন । এই লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে ডাক বিভাগৰ কৰ্মচাৰীসকল । কৰ্মচাৰীসকলৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে ৷ নৰেন্দ্ৰ মোডীয়ে ডিঙিত গামোচা লৈ সেই গামোচাৰে অসমীয়া জাতিক চেপি হত্যা কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে শৃংখল চলিহাই ৷