অসম

assam

By

Published : Nov 5, 2021, 9:37 PM IST

ETV Bharat / videos

সুধা কন্ঠৰ মৃত্যু বাৰ্ষিকীত শিল্পী জাগৰণ মঞ্চৰ ব্যতিক্ৰমী প্ৰয়াস

আজিৰ পৰা 10 বছৰ পূৰ্বে ৰাজ্যবাসীক কন্দুৱাই চিৰনিদ্ৰাত শুই পৰিছিল সকলো অসমীয়াৰ আদৰৰ ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাই ৷ অসমীয়াৰ হৃদয়ৰ আপোন ভূপেন দাই ৰচনা কৰা গীতসমূহ প্ৰজন্মৰ পৰা প্ৰজন্মৰ হৃদয়ত প্ৰতিধ্বনিত হৈ আছে ৷ শুকুৰবাৰৰ এই বিশেষ দিনটোত অসমৰ লগতে সমগ্ৰ দেশৰ বিভিন্ন স্থানত ড৹ ভূপেন হাজৰিকাক সুঁৱৰি বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে । তাৰ সমান্তৰালভাৱে তিনিচুকীয়াৰ ন- শৰাইস্থিত জ্ঞানঙ্কুশ আবাসীক শিশু প্ৰবদ্ধ অনাথ আশ্ৰমত সন্মিলিত শিল্পী জাগৰণ মঞ্চৰ উদ্যোগত শিশু সকলৰ মাজত ড৹ ভূপেন হাজৰিকাৰ গীত মাত চৰ্চা কৰাৰ লগতে ড৹ হাজৰিকাৰ জীৱন চৰিত্ৰৰ বিষয়ে আলোচনা কৰা হয় । অনাথ আশ্ৰমৰ শিশু সকলৰ মাজত গীত- নৃত্যৰ লগতে প্ৰীতি আহাৰৰ ব্যৱস্থা কৰে সন্মিলিত শিল্পী জাগৰণ মঞ্চই । উক্ত অনুষ্ঠানত উপস্থিত থাকে ঝুমুৰ সম্ৰাট তথা পদ্মশ্ৰী দুলাল মানকী, জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰকে আদি কৰি বহু গণ্য মান্য ব্যক্তি ৷

ABOUT THE AUTHOR

...view details