অসম

assam

ETV Bharat / videos

উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত কি ক’লে ভূপেন বৰাই ?

By

Published : Nov 2, 2021, 8:09 PM IST

নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থী সকলৰ নিজ নিজ সমষ্টিৰ উন্নয়নৰ বাবে ২০০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল ৷ দুখনকৈ মেডিকেল কলেজ স্থাপন, আদিবাসী ভাষাক প্ৰাধান্য দিয়া , ৪০ খন বাগিছাৰ উন্নয়ন কৰা, চাহ শ্ৰমিকৰ ল’ৰা ছোৱালীৰ বাবে বিদ্যালয় আৰু ১০খন মহাবিদ্যালয় নিৰ্মাণ প্ৰতিশ্ৰুতি আৰু ভৱানীপুৰ সমষ্টিৰ ২৭ টা দাবী পূৰণৰ প্ৰতিশ্ৰুতি আদিয়ে উপ-নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ পেলোৱা বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । ৰাজ্যৰ শেহতীয়া ৫ টা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই এইদৰে মন্তব্য কৰে । তেওঁ কয় যে ৫ সমষ্টিত পৰাজয় হ’লো বুলিয়েই আমি বিৰোধীৰ নৈতিক দায়িত্বৰ পৰা আঁতৰি নাযাওঁ ৷ উপ নিৰ্বাচনে আমাৰ ভুল ত্ৰুটিসমূহ বুজি পোৱাত হে সহায় কৰিব ৷

ABOUT THE AUTHOR

...view details