অসম

assam

সামৰণি পৰিল কেন্দ্ৰীয় যুৱ আৰু আই মাতৃ সমাৰোহৰ

By

Published : Nov 8, 2021, 10:46 AM IST

দুদিনীয়া কাৰ্যসূচীৰে ভৱানীপুৰত সম্পন্ন হ’ল অষ্টবিংশতিতম কেন্দ্ৰীয় যুৱ আৰু আই মাতৃ সমাৰোহ ৷ সমাৰোহখনিত ৰাইজৰ অভূতপূৰ্ব ভিৰ হোৱা দেখা যায় ৷ দেওবাৰে সমাৰোহৰ অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অৰ্থে যৎপৰোনাস্তি চেষ্টা চলাব বুলি প্ৰকাশ কৰে ৷ উক্ত অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলটোক যথেষ্ঠ সমালোচনা কৰে ৷

ABOUT THE AUTHOR

...view details