সাত বছৰে সন্ধান নাই বটদ্ৰৱাৰ হেমন্ত শইকীয়াৰ
কৰ্মসংস্থাপন বিচাৰি 2012 চনতে নগাঁৱৰ ৰাইডঙীয়ৰ ঘৰখনৰ পৰা কাংবি আংলংঙলৈ ওলাই গৈছিল হেমন্ত শইকীয়া নামৰ যুৱকজন ৷ সেই সময়তে ২০১২ চনৰ ১৪ মাৰ্চত কাৰ্বি উগ্ৰপন্থীয়ে নীৰিহ যুৱক হেমন্ত শইকীয়াক অপহৰণ কৰি নিছিল । আৰু হেমন্ত শইকীয়াক মুকলি কৰি দিয়াৰ বিনিময়ত ৰমেশ আগৰৱালাক দাৱী কৰিছিল কেইবা লক্ষাধিক টকা। দাবী কৰা ধন দিবলৈও মাান্তি হৈছিল ঠিকাদাৰ ৰমেশ আগৰৱালা । ইপিনে অপহৰণ পাছদিনা হেমন্ত শইকীয়াই ঘৰলৈ ফোন কৰি কৈছিল 'তহঁতে চিন্তা নকৰিবি, কেপিএলটিয়ে মোক লৈ আহিছে, মালিকৰ লগত কিছু লেন-দেন আছে, লেন-দেন শেষ হ'লেই মোক এৰি দিব।" এইয়াই আছিল হেমন্ত শইকীয়াৰ শেষ কন্ঠস্বৰ।