বৰপেটাৰোড আৰক্ষীৰ জালত দুধৰ্ষ ডকাইতৰ দল - Barpetaroad police arrested a gang of robbers
বৰপেটাৰোড আৰক্ষীয়ে এক অভিযান চলাই এটি ডকাইতৰ দলক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে এক গোপন সুত্ৰৰ ভিত্তিত খবৰ লাভ কৰিছিল যে, এটি ডকাইতৰ দলে বৰপেটাৰোডৰ সমীপৰ মফিজুদ্দিনৰ নামৰ এজন লোকৰ ঘৰত আশ্ৰয় লৈ আছিল ৷ সেই মৰ্মে নিশা অতৰ্কিতে বৰপেটাৰোড আৰক্ষীয়ে ঘৰটোত অভিযান চলায় ৷ অভিযানত হাউলী ঘিলাঝাৰীৰ দুধৰ্ষ ডকাইত আব্দুল কাছেম, বৰপেটাৰোডৰ চেঙ্গুলীয়াৰ আবু তাহেৰ, গোসাইগাঁওৰ আছান হাবিব আৰু বালাভিঠাৰ মফিজুদ্দিনক আটক কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে দলটোত আৰু আন দুজন ডকাইত আছিল যদিও সেই দুজন পলাই যাবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে দলটোৰ পৰা তিনিখন চুৰি বাইক আৰু দুখন চাৰিচকীয়া বাহন , প্ৰায় ১৮ হেজাৰ টকা আৰু কেইবাটাও মোবাইল ফোন জব্দ কৰিছে ৷