বিধায়ক শ্বেৰমান আলিৰ বিৰুদ্ধে গোচৰ ৰুজু - Barpeta Satra to stand by law against Sherman Ali Ahmed
বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে আইনৰ কাষ চাপিছে বৰপেটা সত্ৰই (Barpeta Satra to stand by law against Sherman Ali Ahmed) ৷ বৃহস্পতিবাৰে বৰপেটা সত্ৰৰ 'পাটচাঙ'ত অনুষ্ঠিত সত্ৰ পৰিচালনা সমিতিৰ সভাত বিধায়কগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সত্ৰ পৰিচালনা সমিতিয়ে ৷ বিধায়ক শ্বেৰমান আলী আহমেদৰ বক্তব্য বৰপেটা সত্ৰৰ প্ৰতি অপমানজনক বুলি অভিহিত কৰিছে বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই (Sherman Ali controversial remarks) ৷ তেওঁ থকালৈকে বাঘবৰত উচ্ছেদ হ’ব নোৱাৰে বুলি ক’বলৈ তেওঁ অসমৰ মালিক নেকি বুলিও প্ৰশ্ন তোলে বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷ এয়া কেৱল বৰপেটা সত্ৰৰ প্ৰতিয়েই নহয়, অসমৰ সমূহ সত্ৰৰ প্ৰতিয়েই অপমানজনক বুলিও মন্তব্য কৰে বুঢ়াসত্ৰীয়া গৰাকীয়ে ৷