বৰপেটা সত্ৰত আজিৰে পৰা আৰম্ভ হৈছে দৌল মহোৎসৱ - দৌলগোবিন্দ মহাপ্ৰভূ
🎬 Watch Now: Feature Video
বৰপেটা সত্ৰত শনিবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷ আজি বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ বহ্নুৎসৱ বা গোন্ধযাত্ৰা ৷ শনিবাৰে বিয়লি মনিকূট গৃহত থকা দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক সত্ৰৰ ৰীতি পৰম্পৰা অনুসৰি সত্ৰৰ মঠৰ চোতাললৈ উলিয়াই আনি অধিবাস সম্পন্ন কৰা হয় ৷ অধিবাস সম্পন্ন কৰাৰ পিচতেই যথানিয়মে দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক সত্ৰৰ টুপৰ চেতালত সজা মেজিৰ জুই পুৱাবলৈ লৈ যোৱা হয় ৷ টুপৰ চোতালত সজা মেজিৰ চৌপাশে সাতপাক প্ৰদক্ষিণ কৰাই দুয়োজনা গোঁসাইক যোগমোহন গৃহলৈ নিয়া হয় আৰু যোগমোহন গৃহত ৰখা গোঁসাইক নক্ষত্ৰ ক্ষণ গণনা অনুসৰি নিশা দৌলগৃহৰ চৌপাশে সাতপাক প্ৰদক্ষিণ কৰাই চৌদোলাত গোসাইক আৰোহণ কৰোৱা হয় ৷ উল্লেখ্য যে, দেওবাৰে ভৰদৌল আৰু সোমবাৰে সুঁৱেৰী অনুষ্ঠিত হ‘ব ৷