বৰপেটাৰোডত বৃহৎ জাপিৰ আকৃতিৰ পূজা মণ্ডপ - দুৰ্গা পূজা
বৰপেটাৰোডৰ এখন বিশেষ পূজাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ বৰপেটাৰোডৰ মুৰি বজাৰত জাপিৰ আকাৰত সাজি উলিওৱা হৈছে এখন বিশেষ পূজা মণ্ডপ ৷ বৰেপটাৰোডৰ নেতাজী সংঘৰ দ্বাৰা আয়োজিত এই পূজা মণ্ডপটোৰ উচ্চতা প্ৰায় 80 ফুট ৷ স্থানীয় শিল্পীয়ে বাঁহ-খেৰ-বেতেৰে প্ৰায় এমাহজোৰা প্ৰচেষ্টাৰ অন্তত সাজি উলিয়াইছে মণ্ডপটো ৷ পূজা মণ্ডপটো দৰ্শনৰ বাবে বিভিন্ন ঠাইৰ পৰা দৰ্শকে আহি ভিৰ কৰা পৰিলক্ষিত হয় মহানৱমীৰ দিনটোত ৷