ভিন্ন দুৰ্নীতিৰ তদন্তৰ দাবীৰে বৰপেটাত আছুৰ সংবাদমেল সম্বোধন - বৰপেটা সদৌ অসম ছাত্ৰ সন্থা বাতৰি
বৰপেটাত অব্যাহত থকা কাঠৰ অবৈধ সৰবৰাহৰ লগতে জিলাখনত মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনাৰ চাউলৰ চোৰাং ব্যৱসায় বন্ধ কৰাৰ দাবীত শুকুৰবাৰে বৰপেটা জিলা ছাত্ৰ সন্থাই এক সংবাদমেলৰ আহ্বান কৰে ৷ সংবাদমেলখন সম্বোধন কৰি আছু নেতৃত্বই মেঘালয়ৰ পৰা অবৈধভাৱে হৈ থকা কাঠ সৰবৰাহৰ ছিণ্ডিকেট চক্ৰটোৰ নেতৃত্ব প্ৰদান কৰি অহা গোবিন্দ সৰকাৰক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে ৷ আনহাতে, বিজেপিৰ একাংশ নেতাই কাঠ ছিণ্ডিকেট চক্ৰক ৰক্ষণাবেক্ষণ দি অহা বুলি উঠা অভিযোগৰ সন্দৰ্ভত উক্ত নেতাসকলক বিচাৰি উলিয়াবলৈ দাবী জনায় ছাত্ৰ সন্থাৰ নেতৃত্বই ৷ কাঠ ছিণ্ডিকেট চক্ৰৰ বাবেই বৰপেটা জিলাত কাঠৰ অস্বাভাৱিক মূল্য বৃদ্ধি হোৱাৰো অভিযোগ কৰে আছুৱে ৷ তদুপৰি বৰপেটাত চলি থকা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে বিতৰণ কৰা মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনাৰ চাউলৰ চোৰাং ব্যৱসায় বন্ধৰ বাবে প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণৰো দাবী জনায় আছুৰ বৰপেটা জিলা সমিতিয়ে ৷