ৰঙিয়াৰ বালিসত্ৰত বসন্ত উৎসৱ পালন - balisatra basanta utshav
ৰাজ্যৰ চাৰিওফালে ৰঙালীৰ উচাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে । কামৰূপ জিলাৰ ৰঙিয়াৰ বালিসত্ৰত বসন্ত উৎসৱ পালন গৈছে । বালিসত্ৰ ছাত্ৰ সন্থাৰ উদ্যোগত পালন কৰা হৈছে এই বসন্ত উৎসৱ । বালিসত্ৰ ছাত্ৰ সন্থা আৰু বালিসত্ৰবাসী ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে নতুন বছৰটিক আদৰিবলৈ জিএনবি ক্লাব প্ৰাংগণত বসন্ত উৎসৱ পালন কৰা হৈছে । এই অনুষ্ঠানতে বুক বেংকৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কিতাপ বিতৰণ, বয়োজ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে অঞ্চলটোৰ আদৰ্শ খেতিয়কসকলক সম্বৰ্ধনা জনায় । এই কাৰ্য্যসূচীত ছাত্ৰ সন্থাৰ ভালেসংখ্যক কৰ্মীৰ লগতে অঞ্চলটোৰ কেইবা শতাধিক লোক উপস্থিত থাকে ।