অসম

assam

ETV Bharat / videos

আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত সষ্টম বজালী আৰক্ষী

By

Published : May 21, 2021, 6:04 PM IST

ৰাজ্য চৰকাৰে কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে 21 মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী 15 দিনৰ বাবে আন্তঃজিলা যাতায়াত বন্ধ কৰিছে ৷ ৰাজ্য চৰকাৰ লোৱা এই পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই অইন জিলাৰ দৰে বজালীৰ আৰক্ষী-প্ৰশাসন যথেষ্ট সষ্টম হোৱা পৰিলক্ষিত হৈছে ৷ জিলাখনৰ বেজকুছি চ’কৰ ওপৰি অন্যান্য প্ৰৱেশ পথসমূহ আৰক্ষীয়ে বেৰিকেড লগাই বন্ধ কৰি দিছে ৷ কিন্তু জৰুৰীকালীন সেৱাৰ লগত জড়িত যান-বাহনসমূহৰ উপযুক্ত নথি পৰ্যবেক্ষণ কৰি জিলাখনত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হৈছে । জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাসে শুকুৰবাৰে জিলাখনৰ আন্তঃজিলা যাতায়াত ব্যৱস্থাৰ তদাৰক কৰা দেখা যায় ।

ABOUT THE AUTHOR

...view details