ৰাইজৰ ৰোষত বাঘবৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ
বাঘবৰ সমষ্টিৰ মইনবড়ীত উত্তপ্ত পৰিস্থিতি । পুনৰ ৰাইজৰ ৰোষত পৰিল বাঘবৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ । ৰাইজে ঘেৰাও কৰিলে বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদক । বিধায়ক শ্বেৰমান আলী আহমেদৰ সমৰ্থক আৰু ৰাইজৰ মাজত হতাহতি । ৰাইজৰ উত্তপ্ত পৰিস্থিতি দেখি ঘটনাস্থলী ত্যাগ কৰে বিধায়ক শ্বেৰমান আলী আহমেদে । কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদৰ গাড়ী আগুচি ধৰে ৰাইজে । এক আধাৰশিলা স্থাপন অনুষ্ঠানত গৈছিল বিধায়ক আহমেদ । বিধায়কৰ পিএচঅ’ৰ এজাহাৰৰ ভিত্তিত দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ হোৱা ৰফিকুল ইছলাম আৰু আব্দুল লতিফ কংগ্ৰেছ দলৰ পঞ্চায়তৰ সদস্য ।