অসম

assam

ETV Bharat / videos

আত্মসহায়ক গোটৰ মাজত বাহন বিতৰণ মন্ত্ৰী অতুল বৰাৰ

By

Published : Oct 26, 2021, 10:01 AM IST

অসম চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ অধীনত বোকাখাতত মহিলা সবলীকৰণৰ বাবে দুটা আত্মসহায়ক গোটৰ মাজত অসমী গ্ৰামীণ এক্সপ্ৰেছৰ অধীনত মেজিক আৰু অট’ভান প্ৰদান কৰিলে মন্ত্ৰী অতুল বৰাই ৷ ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে অসম চাহ কল্যাণ বিভাগৰ তৰফৰ পৰা চাহ বাগিচাৰ লাইন চকীদাৰসকলক বিনামূলীয়াকৈ চাইকেল বিতৰণ কৰে ৷ বোকাখাত মহকুমাৰ পশুধন উন্নয়নৰ বাবে নিয়োজিত জিলা বহুমুখী কৃত্ৰিম গো-প্ৰজনন সেৱকসকলক একোটাকৈ টেবলেট প্ৰদান কৰে মন্ত্ৰী বৰাই ৷ এই আঁচনিসমূহৰ জৰিয়তে জনসাধাৰণক চৰকাৰখনে বহু পৰিমাণে সহায়ৰ হাত আগবঢ়াইছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details